ভাৰতৰ কোনোবা প্ৰান্তত
কোনোবা অতীতৰে পৰা
আছিল এজাক বনৰ হাতী
কজলা বৰণৰ বিশাল দেহী।
বনে-বনে সিহঁত ফুৰিছিল দিন-ৰাতি,
তাৰে মাজতে আছিল এটা শুকুলা হাতী।
জ্ঞানী আৰু কুলীন বুলি আছিল তাৰ খ্যাতি,
গহীন ৰেহ-ৰূপ, বান্ধৱ দৃষ্টি।
শুকুলা বৰণ “কি যে অপৰূপ”
কজলা হাতীৰ জাকত আছিল জিলিকি।
এদিন ভাৰতৰ শাসকে -
মোৰ অজানিতে -
দিলেহি শুকুলা হাতীক
প্ৰণাম জনায়।
“ইয়াক লৈ মই কিনো কৰিম?”, সুধিলো বিনয়েৰে,
“ইয়াৰ আছে এখন সোনালী হৃদয়।”, ক’লে লাহেকে।
হাতীটোৱে কৃতজ্ঞতা জনালে আৰু মই শলাগিলো,
আৰু কোমল স্বৰেৰে মই দুআষাৰ ক’লো,
এনেতে জানিলোঁ হাতীটো আচলতে মাইকী,
অথবা ক’বলৈ গ’লে তাই এজনী হস্তিনী ।
হাতীটোত আৰোহণ কৰি
সচাঁকৈ ভাৱ হ’ল মই মহামতি,
অ’ত-ত’ত ফুৰিলো ভ্ৰমী
ভাৰতৰ পৰীভূমি ।
অ’ত-ত’ত কত যে নুফুৰিলো,
সুখ-দুখ দুয়ো ভগাই ল’লোঁ।
আমি ফুৰিলো আৰু গালোঁ প্ৰেমৰ গান,
ৰূপহীহতে উন্মনা হৈ এৰিলে শয়ন,
সচাঁকে কওঁ হাতীজনীৰ আছিল কি যে প্ৰতিভা,
আৰু সেই গীতৰ শৰাই আছিল ইমান অপৰূপা।
দেখিছা তুমি পৃথিৱীৰ মানচিত্ৰ
অথবা ভূচিত্ৰাৱলী
আৰু তুমি জানা ভাৰতত
আছে এখন নদী।
মোৰ হাতী আৰু মই ভোকত আম খাইছিলোঁ
আৰু গংগাৰ পাৰত আমি হেৰাই গৈছিলোঁ।
দিনৰ পাছত দিন উদভ্ৰান্ত হৈ ফুৰিছিলোঁ
নিজৰ দেহ মনৰ কথা পাহৰি,
এদিন সিহঁতে কওঁ ক’লেহি মোক, “তোমাৰ শুকুলা হাতীয়ে
পালে নিজৰ শুকুলা জাতৰ সংগ।”
ক্ষুদ্ধ হ’লো মই, হতাশ হ’লো
সেই ক্ষণত আৰু পাছত এদিন
পালোঁ আন এটা হাতী
ভাৰতৰপৰা ।
কি যে জালিকটা যেন বেত এটুকুৰা ;
এটা শুকুলা হাতী, হাতী দাঁতেৰে গঢ়া ।
সাত হাতী ঘৰখনত থাকিলে ভাল,
সিহঁতে হেনো ৰোধে আমাৰ জঞ্জাল।
মই পিছে ভাবিলোঁ থাকক সিহঁত বনতে,
নালাগে আনিব মোৰ বাবে সৌভাগ্য সিহঁতে।
|